অসমীয়া সাধু কথাৰ জগতত বেজবৰুৱা দেৱৰ "বুঢ়ীআইৰ সাধু" চিৰদিন একক আৰু অদ্বিতীয় হৈ ৰব । প্ৰতিটো সাধুৰ মাজত প্ৰকাশ পাই অসমীয়া সমাজখনৰ বিভিন্ন লোকাচাৰ আৰু ৰীতি নীতি । বুঢ়ীআইৰ সাধুৰ এটা উল্লেখযোগ্য সাধু হৈছে তেজিমলা ।
তেজিমলাৰ সাধুৰ মাজেৰে অসমীয়া সমাজত এগৰাকী মাহীমাকৰ অহংকাৰী চৰিত্ৰ অংকন কৰিলেও বেজবৰুৱা দেৱৰ উদেশ্য আন এটা যেন ধাৰণা হয় । গাৱঁৰ এজন ধনী সাউদৰ জীয়েক হিচাপে তেজিমলা লাহবিলাসৰ মাজত ডাঙৰ আছিল তথাপিও তাই গাৱঁৰ সাধাৰণ দুখীয়া মানুহবোৰৰ প্ৰিয় আছিল । তেজিমলাই মানুহৰ মৰম চেনেহৰ ভাষা বুজিছিল । সেয়েহে হয়টো মৃত্যুৰ পাছটো আপোন মানুহবোৰৰ ওচৰত জী উঠিছিল । মাহীমাকে তেজিৰ মৃত্যুৰ খবৰটো গোপন কৰি ৰাখিবৰ চেষ্টা কৰিলেও তাইক ভালপোৱা মানুহবোৰে অহৰহ বিচাৰি ফুৰিছিল । এইয়াই হ'ল মানবীয়তাৰ উত্কৃষ্ট নিদৰ্শন । আজিলৈকে এই দিশ সমুহৰ আলোচনা কৰা দেখা নাই কাকো । কিঞ্চিত চেষ্টা কৰিছো নিজা ধাৰণাৰে । ভুল হ'লে আঙুলিয়াই দিয়ে যেন ।
© সঞ্জীৱ বৰুৱা ।
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা প্ৰায় ১০ কি মি দূৰৈত তেজী নামেৰে এখন গাঁও আছে । তেজীমলা গল্পটোৰ উৎস এই গাঁওখন বুলি প্ৰবাদ আছে । আৰু ভাবিব পৰা বহু সমলো আছে । গল্পটোত বৰ্ণনাৰ হুবহু আজিও বিৰাজমান গাঁওখনত । গৱেষণাৰ বহু সমল থকা এই বিষয়টো বিভাগীয় কতৃপক্ষৰ চকুত নপৰাটো আচৰিত কথা ।