পূজনীয়
পিতাই
ঘৰখনে আজি বৰকৈ হাতবাউল দিছে অ ' আজি । বৌটিৰ ভালনে । পাহাৰৰ ওখোৰামোখৰা বোৰৰ দৰে আজি তোৰ পোনাকণটো বন্দী ।
জুহালৰ উৰুখা ছালখন নকৈ সাজিলিনে পিতাই । শুৱনিকোঠাৰ উৰুখাছালত সপোন দেখিছিলো এদিন বৌটিৰ বুকুত মুৰ থৈ । সেয়া সপোনেই হৈ ৰ'ল অ' পিতাই । আঘোণৰ ধান খিনি চপাবি পিতাই । দুমাহৰ জোখাৰে মণিঅৰ্ডাৰ এখন পঠাইছো । পালেই বৌটিৰ অসুখটো দেখুয়াবিগৈ । বিহুবোৰ আহিলেই বুকুতে বিষ এটাই সোপা মাৰি ধৰেহি পিতাই । তই নুবুজিবি পিতাই তৰাজনীৰ পদূলিটো পাৰ হৈ যাব নোৱাঁৰো কোনোদিন ।
বৌটিক মৰম কৰিবি পিতাই ।
কামান আহিলেই পিতাই আজিলৈ আহো পিতাই ।
ইতি
তোৰ পোনাকণ ।