ৰন্ধন গেছ বৰ্তমান সমাজৰ নিত্যপ্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে । চৰকাৰে ইয়াৰ গইনা লৈ অহৰহ মূল্যবৃদ্ধি কৰি আছে । বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ তেল খননৰ কোম্পানী অ এন জি ছি য়ে অহৰহ বছৰ বছৰ ধৰি প্ৰাকৃতিক গেছৰ মুক্তভাৱে অপচয় কৰি আহিছে । শিৱসাগৰ জিলাত থকা তৈলক্ষেত্ৰ সমুহত থকা GGS (Gas Gathering Station ) সমুহত চৌবিশ ঘণ্টাই হাজাৰ হাজাৰ টন প্ৰাকৃতিক জলাই দিয়া হৈছে । অথচ উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰি এই গেছ সমুহ সংৰক্ষণ কৰি জনসাধাৰণৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি ।