XtGem Forum catalog
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

# ভাৰতীয় সংস্কৃতিত মূল্যবোধ শিক্ষা

ভাৰতীয় সংস্কৃতি এক প্ৰাচীন সংস্কৃতি যাৰ আলমত সৃষ্টি হৈছে ন ন চিন্তাধাৰা । মানুহ সামাজিক প্ৰাণী । সমাজ সুস্থ ৰুপত আগবাঢ়ি যাবলৈ হলে প্ৰত্যেকেই কিছু মূল্যবোধৰ ধাৰণা অনুসৰণ কৰিব লাগিব । প্ৰকৃততে ভাৰতীয় দৰ্শন এক মূল্যবোধৰ দৰ্শন । ভাৰতীয় দৰ্শনৰ উত্পত্তিয়েই ব্যক্তিৰ জীৱন ধাৰণৰ এক পথ ।
ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিভাগত ভগাইছে যথা ধৰ্ম , অৰ্থ , কাম আৰু মোক্ষ । ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে ব্যক্তিৰ কৰ্তব্য আৰু দায়িত্ব বিষয়ে সচেতন কৰে । এই চাৰিওটা জীৱন দৰ্শন প্ৰতিষ্ঠিত হৈছে সত্যম শিৱম আৰু সুন্দৰমৰ আধাৰত ।
নৈতিক মূল্যবোধ হৈছে চাৰিটা -
ক) শিশুৰ বিভিন্ন পৰিবেশ যুক্তিনিষ্ঠ ভাৱে বিশ্লেষণ কৰি ছোৱা ।
খ)অন্যমানুহৰ সুখদুখৰ প্ৰতি সহানুভুতিশীল হোৱা আৰু প্ৰয়োজনত সহায় কৰা ।
খ) সমাজত নিজৰ দায়িত্ব পালন কৰা আৰু নিজৰ ভুল সমুহ স্বীকাৰ কৰা ।
ঘ)নিজস্বভাৱে যিকোনো সিদান্ত লব পৰা ক্ষমতা ৰখা ।
( ক্ৰমশঃ )

Back to posts
Comments:

Post a comment