XtGem Forum catalog
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

অসমীয়া কাব্য সাহিত্যত " চিত্ৰকল্প " © সঞ্জীৱ বৰুৱা , শিৱসাগৰ

চিত্ৰকল্প মানে হ'ল সহজ অৰ্থত ছবি । ছবি মানে মনৰ চকুৰে দেখাপোৱা ছবি য'ত ৰঙ আৰু ৰেখা থাকিব পাৰে কিন্তু বাস্তবৰ চকুৰে দেখা পোৱা নাযায় । চিত্ৰকল্প কবিৰ মনৰ প্ৰকাশিত এক সাংকেতিক শিল্প । টুকুৰা টুকুৰ চিত্ৰকল্পৰ সুনিপুণ প্ৰয়োগে অসমীয়া কবিতা নতুন সৌন্দয্য দান কৰিছে । এইবোৰত নিহিত থাকে কাব্যিক সংকেত । উদাহৰণ স্বৰুপে
" মৰমৰ
এয়া মমদাল জলাই লৈছো ,
আজি বহুদিনৰ মুৰত
তোমালৈ চিঠি লেখো বুলি ।( মমতাৰ চিঠি - হেম বৰুৱা ) "
এইয়ে মমদাল আহি পৰিল প্ৰথমেই , গলিত মমদালে এটা নিস্তেজ হৈ যাব খোজা জীৱনক বুজাব খুজিছে । মমতাৰ জীৱনৰ কাৰুণ্যখিনি বৰুৱাদেবে সঠিক ভাৱে উপস্থাপন কৰিছে ।
ইয়াৰ উপৰিও আমি পাও নৱকান্ত বৰুৱা দেবৰ কবিতাত ।
" দূবৰি বনত মুকুতাৰ মণি
চুলিৰ ভাজত লাহী আঙুলিৰ বহুতৌ জোন
( জোৱাৰৰ বাবে সাগৰ নাছিল )
বৰফৰ দৰে চেচাঁ পৰশতো
সি কি যে শান্তি !
অৰুন্ধতী ! ( এটা প্ৰেমৰ কবিতা )"
চকুৰে দেখা পোৱা দূবৰী বনৰ মুকুতা মণিয়ে কি বুজাইছে সময়ৰ জোখ অৰ্থাত শেষ নিশা । শেষ নিশাৰ মাদকতাত অতীতৰ এটা মধুৰ স্মৃতিয়ে উতলা কৰিছে প্ৰেমিক মন ।
এনেকুৱা বহুত উদাহৰণ আছে যেনে আবেলি আবেলি গোন্ধ , প্ৰবিত্ৰ নগ্নতা আদি । এইবোৰ সফল প্ৰয়োগৰ ওপৰতে কবিৰ সফলতা নিৰ্ভৰশীল

Back to posts
Comments:
[11/03/14] ৰাজু কলিতা:

সুন্দৰ উপষ্ঠাপন সঞ্জীৱ দা

[11/03/14] kumud :

Val lagil dei phi

[03/12/14] অভিজিত কিশোৰ :

hosakoia pohi bhal lagil totha dutaman notun kothau sikibo parilu.


Post a comment