জীৱনে পাত সলাই
গছৰ দৰে ,
মাথো থাকি যায়
কিছু হুমুনিয়াহৰ স্মৃতি ।।
অযুত স্বপ্নৰ মৰিশালী ঘটে
আইতাৰ জুহালখনত ,
তেজিমলাৰ পৃথিৱীয়ে বাট দেখুৱাই
কিছু সুখ কিছু দুখৰ অনুভুতিৰে ।।
বেৰৰ জলঙাই চিনাকি কৰে
আন্ধাৰৰ কজলা সপোনক ,
আৰু উৰুখা ছালৰ ফাকঁত
গজি উঠে কেৱল
দুখৰ গজালি ,
ছাই হয় জীৱন
এমুঠি চগাৰ দৰে ।।